বজাৰত নকল আৰু ভেজাল ঔষধৰ অভিযোগক লৈ সৰৱ অল অসম মেডিচিন ডিলাৰ এছোচিয়েচন।বজাৰত নকল আৰু ভেজাল ঔষধৰ নামত একাংশ সংবাদ প্ৰতিষ্ঠানে তথ্যভিত্তিক অনুসন্ধান নকৰাকৈ বাতৰি পৰিৱেশন কৰা বুলি অভিযোগ উত্থাপন কৰিছে অল অসম মেডিচিন ডিলাৰ এছোচিয়েচনে। এই বিষয়টোক লৈ সামাজিক মাধ্যমযোগে ক্ষোভ প্ৰকাশ কৰিছে এছোচিয়েচনৰ ডিৰেক্টৰ নবজ্যোতি বৰ্মনে।
নবজ্যোতি বৰ্মনে কয় যে, ঔষধৰ গুণগত মান, প্ৰকৃত নকল ঔষধ আৰু ভেজাল ঔষধৰ মাজৰ পাৰ্থক্য সম্পৰ্কে সঠিক তথ্য নজনাকৈ কোনো সংবাদ পৰিৱেশন কৰিলে ইয়াৰ ফলত সমগ্ৰ ঔষধ ব্যৱসায়ী সমাজৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে
এই সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি নবজ্যোতি বৰ্মনে কয় যে, যিসকল সংবাদ প্ৰতিষ্ঠানে নকল আৰু ভেজাল ঔষধৰ সঠিক তথ্য নজনাকৈ বাতৰি পৰিৱেশন কৰিছে, সেই সংবাদ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু। এনে সংবাদ প্ৰতিষ্ঠানক বিৰুদ্ধে দুই কোটি টকাৰ মানহানি গোচৰ দিয়া হব
আনহাতে, বিষয়টো অধিক স্পষ্ট কৰিবলৈ চৰকাৰী পৰ্যায়ত তদন্তৰ দাবী জনাইছে নবজ্যোতি বৰ্মনে। অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক বিষয়টো গুৰুত্বসহকাৰে লৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে আবেদন জনোৱা বুলি জানিবলৈ দিয়ে।
তেওঁৰ মতে, নকল বা ভেজাল ঔষধৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কোনো ধৰণৰ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ হ’ব নালাগে। কাৰণ ঔষধৰ সৈতে পোনপটীয়াকৈ জনসাধাৰণৰ স্বাস্থ্য জড়িত হৈ আছে। সেয়েহে প্ৰকৃত নকল বা ভেজাল ঔষধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিষয়টোক লৈ ভুল বা অসম্পূৰ্ণ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন নকৰিবলৈও আহ্বান জনায় নবজ্যোতি বৰ্মনে।