Share and Enjoy !

Shares

বৰাক উপত্যকাৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত কাছাৰৰ দিগৰখালত কাছাৰ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ বিদেশী চিগাৰেট ।মেঘালয় সীমান্তৱৰ্তী দিগৰখাল চেকগেটত এখন ট্ৰাকত তালাচী চলাই গুমৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ চিগাৰেট

গোপন তথ্যৰ‌ ভিত্তিত গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত মিজোৰামৰ পৰা অহা UP 22 T- 2661 নম্বৰৰ ট্ৰাকখনৰ কেবিনত তালাচী চলাই আৰক্ষীয়ে গোপন চেম্বাৰৰ পৰা ৬০০ পেকেট বাৰ্মিজ চিগাৰেট জব্দ কৰে। পেকেট কেইটাৰ পৰা মুঠ ১ লাখ ২০ হাজাৰ বাৰ্মিজ চিগাৰেট জব্দ কৰা হয়।

জানিব পৰা মতে, চিগাৰেট খিনি বিদেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে উত্তৰ প্ৰদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ এটা বৃহৎ চক্ৰই। আৰক্ষীৰ চকুত ধুলি দিবলৈ চিগাৰেট খিনি ট্ৰাক খনৰ চালকৰ কেবিনেটত গোপন চেম্বাৰ সাজি সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু গুমৰা আৰক্ষীয়ে চোৰাং ব্যৱসায়ীৰ উদ্দেশ্য বিফল কৰে।

ইফালে, অবৈধ ভাবে চিগাৰেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাক খনৰ চালক ৰচিদ আৰু হেণ্ডিমেন ফাইজানক গ্ৰেপ্তাৰ কৰিছে। ধৃত দুয়োজনৰ ঘৰ উত্তৰপ্ৰদেশত বুলি সদৰী কৰিছে আৰক্ষীয়ে। জব্দ কৰা চিগাৰেট খিনিৰ মূল্য কেইবা লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়েও এই সংক্ৰান্তত এটি গোচৰ ৰুজু কৰি‌ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *