নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা৷ ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰে নিৰ্বাচনৰ দিন।
৬ অক্টোবৰত অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিত ভোটগ্ৰহণ৷
অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু আৰু পুডুচেৰীৰ ৫টা লোকসভা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ৷
আটাইকেইটা সমষ্টিতে ৬ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৯ অক্টোবৰত ভোটগণনা হ’ব ৷
১৬ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে ৷ আনহাতে ১৭ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ৷ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ১৯ ছেপ্টেম্বৰ ৷