বাক্সাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত কি ক'লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙেবাক্সাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত কি ক'লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে

Share and Enjoy !

Shares

মঙলবাৰে বাক্সাত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ঘটনা সন্দৰ্ভত কয়, ‘‘বাক্সাত যি হ’ল, সেয়া অতি দুখজনক ঘটনা। এনেকুৱা ঘটনা হ’ব নালাগে। সংবিধান মতে আইন চলিব। প্ৰক্ৰিয়ামতে তদন্ত চলি আছে। তেওঁলোকক কাৰাগাৰলৈ ন্যায়ালয়েই পঠিয়াইছে।’’

তেওঁ লগতে কয় যে, ‘‘আমি সকলোৱে অসমৰ বিকাশ আৰু উন্নয়নৰ পথত চলি থাকিব লাগিব। আইনী প্ৰক্ৰিয়াৰে আগবাঢ়ি আছে তদন্ত। দোষীয়ে উচিত শাস্তি পাবই।’’জুবিন গাৰ্গৰ মৃত্যুত সকলোৱে মৰ্মাহত বুলি উল্লেখ কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়েও জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মন্তব্য কৰে সংবাদ মাধ্যমত

Leave a Reply

Your email address will not be published. Required fields are marked *