আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ তিথি।।অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিসত্তা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ব্যাপক আয়োজন।
গুৰুবন্দনা নাম-প্ৰসংগৰ অমিয়া ধ্বনি প্ৰতিধ্বনিত গুঞ্জৰিত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ আৰু দৰ্শনাৰ্থীৰ সমাগমত যেন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত বটদ্ৰৱা, বৰপেটা, মাজুলীৰ সত্ৰসমূহ। লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত দেওবাৰৰ পৰা আৰম্ভ হৈছে গুৰুজনাৰ ৫৭৮ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাপুৰুষ শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱ।
পুৱাৰ পৰাই শুৱালকুছিৰ প্ৰতিটো নামঘৰ আৰু সত্ৰত খোল-তাল, দবা-কাঁহৰ শব্দৰ মাজত নাম-কীৰ্তন আৰু সমদল কৰি কৰা ‘নগৰ কীৰ্তন’ৰে সমগ্ৰ অঞ্চলটোৰ আকাশ-বতাহ মুখৰিত হৈ পৰিছে। ভক্তসকলৰ হৰি নামৰ গজেন্দ্ৰ গম্ভীৰ ধ্বনিয়ে সমগ্ৰ শুৱালকুছিক যেন এক ‘দ্বিতীয় বৈকুণ্ঠ’লৈ ৰূপান্তৰিত কৰিছে।
ধৰ্মীয় কাৰ্যসূচীৰ অংশ হিচাপে প্ৰত্যুষতে অনুষ্ঠিত ‘ঊষা কীৰ্তন’ আৰু স্থানভেদে আয়োজন কৰা ‘বাট ভাওনা’ই স্থানীয় ডেকা-গাভৰু, আইসকল আৰু বৃদ্ধ-বনিতাসকলৰ মাজত আধ্যাত্মিক উৎসাহ দুগুণে বৃদ্ধি কৰিছে।
প্ৰতি বছৰৰ দৰে এইবেলিও শুৱালকুছিৰ আটাইবোৰ চুবুৰীৰে নামঘৰসমূহ বিশেষভাৱে সজাই তোলা হৈছে। দিনজোৰা নাম-প্ৰসংগ, চৰিত তোলা আৰু ভাওনা প্ৰদৰ্শনৰ জৰিয়তে বস্ত্ৰনগৰীৰ ৰাইজে গুৰুজনাৰ অমৰ সৃষ্টি তথা আদৰ্শৰ প্ৰতি গুৰুজনালৈ সেৱা জনাইছে ৷
গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ এই চাৰিদিনীয়া কাৰ্যসূচীত জাতি-ধৰ্ম নিৰ্বিশেষে সমগ্ৰ শুৱালকুছিবাসীয়ে অংশগ্ৰহণ কৰি একতা, সমপ্ৰীতি আৰু আধ্যাত্মিকতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে।