ধূলাৰ মাগুৰমাৰীত গঁড়ৰ মুক্ত বিচৰণ
আতংকিত মাগুৰমাৰীবাসী ৰাইজ
দৰঙৰ ধূলাৰ ১ নং মাগুৰমাৰীত গঁড়ৰ মুক্ত বিচৰণক লৈ সৃষ্টি হৈছে আতংকময় পৰিস্থিতি।
পুৱাই জনাঞ্চলত প্ৰৱেশ কৰা এটা গঁড়ে মাগুৰমাৰী অঞ্চলত মুক্তভাৱে বিচৰণ কৰে।
গঁড়টোৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছতে আতংকিত হৈ পৰিছে বৃহৎ মাগুৰমাৰী অঞ্চলৰ ৰাইজ।
ইফালে, ঘটনাস্থলীত বন বিভাগৰ কৰ্মী আৰু আৰক্ষীৰ লোক উপস্থিত হৈ গঁড়টোক নিৰাপদভাৱে খেদি পঠিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
প্ৰাথমিকভাৱে গঁড়টো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ কৰা হৈছে।
গঁড়টোক লৈ যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে বন বিভাগ আৰু আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।