মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে অহা ২ অক্টোবৰৰ পৰা তামিলনাডুত মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা অধিক বিস্তৃত কৰা হ’ব। ‘ভেট্ৰি পয়ণম’ (Vettri Payanam) নামেৰে এই বিস্তাৰিত সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।
- ২ অক্টোবৰৰ পৰা ‘ভেট্ৰি পয়ণম’ আঁচনিৰ বিস্তাৰিত ৰূপ কাৰ্যকৰী হ’ব।
- প্ৰতিদিনে প্ৰায় ৮৪.৩২ লাখ মহিলা উপকৃত হ’ব বুলি চৰকাৰৰ তথ্য।
- মুঠ ১২,৬৯২খন চৰকাৰী বাছ আঁচনিখনৰ অধীনলৈ আহিব।
- সাতটা ৰাজ্যিক পৰিবহণ নিগমৰ নিৰ্ধাৰিত বাছৰ প্ৰায় ৬৯ শতাংশ এই সেৱাৰ অন্তৰ্ভুক্ত হ’ব।
- প্ৰতিদিনে প্ৰায় ১,৬৫,৩১২টা বাছৰ ট্ৰিপ এই ব্যৱস্থাৰ অধীনত চলিব।
- এক্সপ্ৰেছ, লিমিটেড ষ্টপ ছাৰ্ভিছ, ডিলাক্স আৰু নিৰ্দিষ্ট মফচলীয়া তথা পাহাৰীয়া অঞ্চলৰ সাধাৰণ বাছতো সুবিধা সম্প্ৰসাৰিত কৰা হ’ব।
- ছেপ্টেম্বৰত আঁচনিখনৰ Trial Run সম্পন্ন কৰাৰ পিছত ২ অক্টোবৰৰ পৰা পূৰ্ণ ৰূপত কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা হৈছে।