GPay, PhonePe ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ।
২ অক্টোবৰত দেশজুৰি বন্ধ হ’ব UPI !
কোনো লেনদেন কৰিব নোৱাৰিব UPIৰ জৰিয়তে।
কেন্দ্ৰীয় চৰকাৰ আৰু নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া (NPCI)ৰ নতুন সিদ্ধান্ত অনুসৰি ২০২৬ চনৰ ১৫ অক্টোবৰৰ পৰা ২,০০০ টকাতকৈ অধিক UPI লেনদেনৰ ওপৰত ০.৪ শতাংশ ‘মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট’ আৰোপ কৰা হ’ব।
এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি ব্যৱসায়ীসকলৰ মাজত তীব্ৰ অসন্তোষে দেখা দিছে।ইয়াৰ প্ৰতিবাদত ২ অক্টোবৰ (গান্ধী জয়ন্তী) দিনটোত ‘No UPI Day’ পালন কৰাৰ সিদ্ধান্ত লৈছে ব্যৱসায়ীসকলৰ সংগঠনে। ‘চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী’ (CTI) আৰু ‘মহাৰাষ্ট্ৰ চেম্বাৰ অৱ কমাৰ্চ’ (MACCIA) সহ দেশৰ কেইবাটাও প্ৰধান ব্যৱসায়ী সংগঠনে এই প্ৰতিবাদৰ নেতৃত্ব দিছে।
সংগঠনটোৰ মতে, সেইদিনা ব্যৱসায়ীসকলে তেওঁলোকৰ UPI QR ক’ড, স্কেনাৰ আৰু ছাউণ্ড বক্স ক’লা কাপোৰেৰে ঢাকি ৰাখিব আৰু গ্ৰাহকৰ পৰা কেৱল নগদ ধন গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।
২০২৬ চনৰ ১৫ অক্টোবৰৰ পৰা ২,০০০ টকাৰ অধিক UPI পেমেণ্টৰ ওপৰত কাৰ্যকৰী হ’বলগীয়া নতুন MDR-ৰ বিৰুদ্ধেই এই প্ৰতিবাদ। CTI-য়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে (Delhi traders No UPI Day)।