Share and Enjoy !

Shares

যোৰহাটৰ তৰাজান শ্মশান ৰোডৰ ভয়ংকৰ ঘটনা

বৃহস্পতিবাৰে নিশা শ্মশান ৰোডৰ এটা ভাড়াঘৰত যুৱকৰ ড্ৰাগছ অভাৰড’জৰ ফলত মৃত্যু হোৱাৰ অভিযোগ। যোৰহাট নগৰৰ তৰাজান শ্মশান ৰোডৰ চনু চৌধুৰী নামৰ যুৱকজনৰ ড্ৰাগছ অভাৰড’জৰ ফলত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। পথৰ দাঁতিত পৰি আছিল চনু চৌধুৰী নামৰ যুৱকজন।

বিহাৰৰ বাসিন্দা চনু চৌধুৰী যোৰহাটৰ বৰ্ণ টু শ্বাইন নামৰ ৰিহেব চেণ্টাৰটোত আছিল আৰু বৃহস্পতিবাৰে পুৱা ৰিহেব চেণ্টাৰটোৰ পৰা পলাই আহিছিল।

অভিযোগ অনুসৰি, একাধিক চুৰিৰ গোচৰত অভিযুক্ত আছিল চনু চৌধুৰী। NDPS গোচৰটো অভিযুক্ত আছিল চনু।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, বৃহস্পতিবাৰে ৰিহেব চেণ্টাৰৰ পৰা অহাৰ পিছত দিনৰ ভাগত মাত্ৰাধিক সুৰাপান কৰিছিল চনু সিঙে। চনু সিঙৰ মাতৃয়ে জানিবলৈ দিয়া মতে, চনুৱে তেওঁৰ এজন বন্ধুৰ সৈতে নিচাজাতীয় সামগ্ৰী সেৱন কৰিছিল আৰু পিছত চনুক নিমখ খুৱাই দিয়া হৈছিল।

স্থানীয় কেইজনমান যুৱকে চনুক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও মৃত্যুক আঁকোৱালি লয় যুৱকজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *