বৃহস্পতিবাৰে নিশা বোকাখাতৰ বৰজুৰিত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। নষ্ট হয় প্ৰায় ৭০ লাখৰো অধিক টকাৰ সম্পত্তি
অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত বাইক মেৰামতিৰ দোকান। গ্ৰাহকে মেৰামতিৰ বাবে দি থৈ যোৱা প্ৰায় ১৫ খনকৈ বাইক জুইত জাহ গৈ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, বৰজুৰিৰ সুৰজ বাস্কে নামৰ ব্যক্তিজনৰ কম্পিউটাৰ দোকানখনৰ পৰাই প্ৰথম জুইৰ সূত্ৰপাত হয় আৰু নিমিষতে জুইৰ লেলিহান শিখাই কাষতে থকা নৰেশ ঠাকুৰৰ চেলুন, তৰুণ কৰ্মকাৰৰ হোটেল, এখন পান দোকান আৰু ৰমেন দাস, ৰিংকু দাস তথা অজয় দাসৰ যৌথ স্বত্বাধিকাৰৰ বাইক গেৰেজটোলৈ বিয়পি পৰে।
ঘটনাৰ সময়ত চেলুন দোকানখনত থকা নৰেশ ঠাকুৰ নামৰ লোকজনে জুইৰ উমান পাই কেৱল তিনিটা চিলিণ্ডাৰ কোনোমতে বাহিৰলৈ উলিয়াবলৈ সক্ষম হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নি আৰু জৰুৰীকালীন সেৱাৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে। কিন্তু নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই দোকানসমূহ আৰু তাত থকা সকলো মূল্যৱান সামগ্ৰী জ্বলি ছাৰখাৰ হয়।