Share and Enjoy !

Shares

নগাঁও জিলাৰ বেবেজীয়া জুৰিয়া নামঘৰৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ই-ৰিক্সা আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ ফলত ই-ৰিক্সা চালকজন থিতাতে নিহত হয়

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এগৰাকী শিক্ষয়িত্ৰী

উল্লেখ্য যে, নগাঁও দিশৰ পৰা ৰহাৰ দিশলৈ গৈ থকা অৱস্থাত AS 21 AC 3349 নম্বৰৰ এখন বেটাৰী ৰিক্সা আৰু বিপৰীত দিশৰ পৰা অহা AS 01 TC 0727 নম্বৰৰ এখন ট্ৰাকৰ মাজত এই মুখামুখি সংঘৰ্ষ

সংঘৰ্ষ ইমানে ভয়ংকৰ আছিল যে ই-ৰিক্সাৰ চালক দিব্য নাথ নামৰ লোকজন থিতাতে নিহত হয়। ইপিনে ই-ৰিক্সাখনত যাত্ৰী হিচাপে থকা তৃষ্ণা হাজৰিকানামৰ শিক্ষয়িত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, আহত শিক্ষয়িত্ৰীগৰাকী ৰহাৰ এখন বিদ্যালয়ত শিক্ষকতা কৰে আৰু নিজৰ কৰ্তব্যস্থলীলৈ গৈ থকা অৱস্থাতেই এই দুৰ্ঘটনাটোৰ মুখত পৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে বেবেজীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত শিক্ষয়িত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকৰ চালকজনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *