Share and Enjoy !

Shares

নগাঁৱত উপস্থিত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল। ৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন প্ৰক্ৰিয়াটো নিকা আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে অনুৰাগ গোৱেলে জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতি আৰু পৰিৱেশৰ বুজ লয়।

জিলাখনত উপস্থিত হৈ তেখেতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়া অধ্যক্ষতাত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেখেতে চহৰখনৰ মাজমজিয়াতস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ সংশ্লিষ্ট স্থানত স্থাপন কৰা ষ্ট্ৰং ৰুম আৰু ভোটগণনা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। বিশেষকৈ অনুৰাগ গোৱেলে ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থা আৰু চি. চি. টি. ভি. নিৰীক্ষণ প্ৰণালী তেখেতে সূক্ষ্মভাৱে প্ৰত্যক্ষ কৰে।

পৰিদৰ্শনকালত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটগণনা কেন্দ্ৰসমূহৰ সামগ্ৰিক আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি গণনাৰ দিনা নিয়োজিত হ’বলগীয়া বিষয়া-কৰ্মচাৰীসকলৰ সুবিধা আৰু জৰুৰীকালীন ব্যৱস্থাৱলীৰ বিষয়ে পুংখানুপুংখভাৱে পৰ্যালোচনা চলায়।

এই পৰিদৰ্শনৰ সময়ত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়া, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডী, নিৰ্বাচনী বিষয়া প্ৰতিষ্ঠা দত্ত উপৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবা গৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *