Share and Enjoy !

Shares

ছিংগাপুৰীয়া অভিমন্যু তালুকদাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ কৰা মন্তব্য সহজ ভাৱে ল’ব পৰা নাই অসমবাসীয়ে।

নিজকে অসমীয়া বুলি কৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিষয়ে ভালদৰে নজনা কথাটোৱে কোনোপধ্যেই হজম কৰিব পৰা নাই অসমবাসীয়ে।

অভিমন্যুৰ মন্তব্যৰ সন্দৰ্ভত জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই কয়, ‘‘অভিমন্যু তালুকদাৰক চোকা মানুহ বুলি ভাবিছে নেকি? মানুহে ভাবিছে অসমৰ মূৰ্খ এটা ছিংগাপুৰতো থাকে। মূৰ্খামি কৰিছে, মানুহে হাঁহিছেহে।’’

ইফালে, এই সন্দৰ্ভত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘অভিমন্যু তালুকদাৰ অসমীয়া নহয় নেকি? ৩টা দশকে জুবিনে অসমৰ সমাজ জীৱনৰ প্ৰতি, সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে কিমান কি কৰিলে তেওঁ একোৱেই নাজানেনে? যদি নাজানে, তেতিয়াহ’লে তেওঁ হয়তো অসমীয়া নহয়। বিদেশত থাকি বিদেশীয়েই হৈ গৈছোঁ বুলি হয়তো ভাবিছে।’’

Leave a Reply

Your email address will not be published. Required fields are marked *