Share and Enjoy !

Shares

দেওবাৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানৰ আয়োজন আৰু প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে ‘ভাৰত মণ্ডপম’ত উপস্থিত অসমৰ মুখ্যমন্ত্ৰীগৰাকী।

সুধাকণ্ঠ, সুধাংশু, তথা অসম আৰু ভাৰতীয় সংস্কৃতিৰ মহানুভৱ স্বৰূপ এইজনা কালজয়ী শিল্পীৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ এই ঐতিহাসিক সামৰণি সমাৰোহ অহা ২৯ নৱেম্বৰ,২০২৬ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। এই বিশেষ ঐতিহাসিক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত মণ্ডপমৰ প্ৰেক্ষাগৃহসমূহ পৰিদৰ্শন কৰাৰ লগতে সামৰণি অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বুজ লয়।

পৰিদৰ্শনকালত অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত তথা সচিব পদ্মপাণি বৰা, অসম ভৱনৰ ৰেছিডেণ্ট কমিছনাৰ কৱিতা পদ্মনাভন, বিধায়ক তৰংগ গগৈ, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়কে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *