ধুবুৰীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।
নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা উদ্দেশ্যেৰে ৰাজ্যপাল গৰাকীয়ে ধুবুৰীত উপস্থিত হয় ।
১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই সংকল্প যাত্ৰা ২ অক্টোবৰ লৈকে অসমৰ ১০ খন জিলাত “”নিচামুক্ত ভাৰত সংকল্প” যাত্ৰা কৰিব।
আজি ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন সজাগতা সভাত অংশগ্ৰহণ কৰে।
যুৱ সমাজ হৈছে এখন ৰাষ্ট্ৰৰ শক্তি।এখন সমাজ তথা ৰাষ্ট্ৰ গঠনত যুৱশক্তিৰ অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ।
বিশেষকৈ যুৱ সমাজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই বিশেষ পদক্ষেপ ভাৰত চৰকাৰৰ।
আজিৰ সভাত লগতে উপস্থিত থাকে কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ,ও বিধায়ক জীৱেশ ৰায়, জিলা আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাৰ লগতে ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডঃ দেৱময় সান্যাল,ধুবুৰী গৌৰীপুৰ উন্নয়ন গণ্ডৰ অধ্যক্ষ দীপক কুমাৰ সাহা আৰু বিশিষ্ট ব্যক্তিসকল।
সজাগতা সভাৰ পিছতে ৰাজ্যপাল গৰাকীয়ে এক সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে।