Share and Enjoy !

Shares

গুৱাহাটীৰ নিমিষা হত্যাকাণ্ডৰ এইবাৰ নাম সাঙোৰ খাইছে ৰূপম শইকীয়া নামৰ এজন যুৱকজনৰ নাম। গাড়ীগাঁৱৰ বেজপাৰত ঘৰ ৰূপম শইকীয়াৰ।

প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাৰ দিনা ৰূপম শইকীয়াই মৃত নিমিষা ঠাকুৰীয়া আৰু আৰক্ষীৰ জিম্মাত থকা মুখ্য অভিযুক্ত আছিক আলীৰ সৈতে একেলগে মদ্যপান কৰিছিল। নিশা প্ৰায় ১০ বজাত ৰূপম ঘৰলৈ ঘূৰি আহিছিল। ইয়াৰ পিছত মিৰ্জাত থকা পৰিয়ালৰ এজন ব্যক্তিৰ মৃত্যুৰ খবৰ পাই ৰূপম পুনৰ মিৰ্জালৈ গৈছিল ।পিছদিনা পুৱা ঘৰলৈ ঘূৰি আহি দিনটো ঘৰতেই আছিল ৰূপম। অৱশ্যে সেইদিনা সন্ধিয়া আদাবাৰীলৈ বুলি বাইকেৰে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ৰূপমৰ কোনো সন্ধান পোৱা নাই পৰিয়ালে। ৰূপমৰ কোনো শুংসূত্র নোপোৱাত মাতৃয়ে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰূপম শইকীয়াৰ ম’বাইলৰ শেষ লোকেশ্যন ৰামপুৰৰ এটা কোম্পানীৰ পিছফালে থকা পথাৰত পোৱা গৈছিল। তাৰ পিছৰে পৰাই তেওঁৰ ফোনটো ছুইচ অফ হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *