ৰাজ্যৰ বিভিন্ন স্থানত জেহাদীৰ বিৰুদ্ধে NIAৰ অভিযান। অসমৰ ১০টাকৈ স্থানত অভিযান NIAৰ। এই অভিযানত বৰপেটা জিলাত জেহাদীৰ সন্দেহত তিনিজন লোকক আটক কৰিছে NIAয়ে। বৰপেটাৰোডৰ পৰা দুজন আৰু হাউলীৰ পৰা এজনক আটক কৰা হৈছে।
জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ সন্দেহত আজাদ নগৰৰ মুস্তাফিজুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই NIAৰ এটা দলে। এই অভিযানৰ অন্তত মুস্তাফিজুৰ ৰহমানক আটক কৰা হয়।
জানিব পৰা মতে, দুমাহ পূৰ্বে গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা মুকলি হৈছিল মুস্তাফিজুৰ। জেহাদী কাৰ্যকলাপৰে জড়িত থকাৰ অপৰাধত বিগত ১৪ মাৰ্চত STF-এ গ্রেপ্তাৰ কৰিছিল মুস্তাফিজুৰক।
ইফালে, জেহাদী কাৰ্যকলাপৰে জড়িতৰ সন্দেহত পুনৰ মুস্তাফিজুৰক আটক কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। NIA-ৰ দলটোৱে জব্দ কৰিছে মুস্তাফিজুৰে ব্যৱহাৰ কৰা মোবাইল ফোন।
আনহাতে, আজাদ গাঁৱৰ পিছত নিচুকা গাঁৱতো NIAৰ দলে চলাই অভিযান। এই অভিযানত জেহাদী কাৰ্যকলাপৰে জড়িতৰ সন্দেহত আৰু এজনক আটক কৰা হৈছে। NIAৰ দলে আটক কৰা লোকজনৰ নাম য়াকুব আলী বুলি জানিব পৰা গৈছে।
সম্প্রতি বৰপেটাৰোড থানাত ৰখা হৈছে দুই জেহাদী য়াকুব, মুস্তাফিজুৰক। অধিক তথ্যৰ বাবে বৰপেটাৰোড থানাত দুয়োকে জেৰা অব্যাহত ৰখা হৈছে।