Share and Enjoy !

Shares

চামগুৰিৰ গটঙাত ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাকে মহতিয়াই নিলে পথৰ কাষত থকা মিছল বিক্ৰেতা আৰু এজন মটৰচাইকেল আৰোহীক ।দুৰ্ঘটনাত থিতাতে মৃত্যু হয় মিছল বিক্ৰেতা সঞ্জিত দাস নামৰ লোক। আনহাতে গুৰুতৰভাৱে আহত হয় মটৰচাইকেল আৰোহী কাৰ্তিক দাস।

জানিব পৰা মতে, আমনি ঘৰৰ পৰা সঞ্জিত দাসে মিছল বিক্ৰি কৰিবলৈ বুলি মিছল বিক্ৰি কৰা ঠেলাখন লৈ ওলাই আহিছিল সঞ্জিত দাস। আধা বাটতে ট্ৰাকৰ খুন্দাত মৃত্যু হয় সঞ্জিতৰ।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় যুৱকসকলে ট্ৰাকখনক খেদি গৈ আবদ্ধ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত ট্ৰাকখন আৰক্ষীক গতাই দিয়ে। ঘটনাক কেন্দ্ৰ কৰি গটঙা অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

তথ্য অনুসৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় আহত কাৰ্তিক দাসে। কাৰ্তিক দাসৰ মৃত্যুৰ খবৰে সমগ্ৰ আমনি আৰু গৰুমৰা অঞ্চলত শোকৰ ছাঁ পেলাইছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *