আজি ৯নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই সমষ্টিটোৰ বিভিন্ন বিধানসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰসকল ভোটকেন্দ্ৰলৈ ওলাই আহিছে।
নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে সুকলমে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আইন-শৃংখলা আৰু নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰাৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
৯নং নগাঁও লোকসভা সমষ্টিৰ সমষ্টিটোৰ অন্তৰ্গত ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিতো পুৱাৰ পৰাই ভোটাৰসকলৰ উপস্থিতি পৰিলক্ষিত হয়।
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ ভোটদানৰ হাৰ
১১ বজা পর্যন্ত ভোটদানৰ হাৰ ৩৭.৮২ শতাংশ
ধিঙত ৩৮.৩৪%, জাগীৰোডত ৩৭.৯৬%
লাহৰীঘাটত ৪২.৪৯%,
মৰিগাঁৱত ৩৭.২৫%
নগাঁও-বটদ্ৰৱাত ৩০.৫৪%,
ৰহাত ৩৪.৩৫%
ৰূপহীহাটত ৩৯.৬২%,
চামগুৰিত ৪৯.৩৯%