Share and Enjoy !

Shares

ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত খুন্দা।

গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ থকাAS 01 DX 5663 পঞ্জীয়ন নম্বৰৰ এখন দ্ৰুতবেগী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত দুৰ্ঘটনাত পতিত হয়।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, দুর্ঘটনাগ্ৰস্ত বাহনখনত চালকসহ মুঠ ৬ জন লোক আছিল। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাহনখনত থকা ৩ জন লোকৰ থিতাতে নিহত হয়। ইপিনে আহত তিনিগৰাকী লোকৰ অৱস্থা সংকটজনক হোৱাত স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত জৰুৰীভাৱে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ক্ষেত্ৰী আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *