অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাক লৈ অপপ্ৰচাৰৰ অভিযোগ। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই দলৰ দায়িত্ব আৰু প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰ হোৱা খবৰ সম্পূৰ্ণ ভুৱা বুলি স্পষ্ট কৰিছে জ্যেষ্ঠ নেতাগৰাকীৰ।
সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি প্ৰকাশ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জগদীশ ভূঞাই।
একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ একেষাৰে অসত্য বুলি ক’লে জগদীশ ভূঞাই।
সামাজিক মাধ্যমৰ পোষ্টযোগে জগদীশ ভূঞাই লিখিছে, ‘‘মই দলৰ পৰা পদত্যাগ কৰা বুলি কোনো দুষ্ট চক্ৰই প্ৰচাৰ চলাই আছে! “অসত্য”এটা শব্দৰ উত্তৰ। মই নিজে জন্ম দিয়া দলটো যিদিনা এৰিম, সেইদিনা মই ৰাজনীতিও এৰিম।’’
এটা পোষ্টত তেওঁ লিখিছে, ‘‘ৰাজনীতি মোৰ বাবে কেতিয়াও পেছা নাছিল, আজিও নহয় আৰু ভৱিষ্যতলৈও নহ’ব। কেবিনেট পদমৰ্যাদা এৰি জাতীয় স্বাভিমানৰ বাবে শূন্যৰ পৰা নিজে জন্ম দিয়া “অসম জাতীয় পৰিষদ” মোৰ ৰাজনৈতিক পৰিচয় আৰু আজিও মই দলৰ সাধাৰণ সম্পাদক। যিদিনা মই ৰাজনীতি এৰাৰ সিদ্ধান্ত লম সেইদিনাহে মই দল এৰিম। “অসম জাতীয় পৰিষদ” মোৰ ৰাজনৈতিক জীৱনৰ শেষ পৰিচয় হ’ব। আমাৰ দলৰ বিৰুদ্ধে এটা দুষ্ট চক্ৰই কিছুদিনৰ পৰা ষড়যন্ত্ৰ চলাই আছে বাবেই এই কথাখিনি লিখিলো।’’