শিৱসাগৰৰ নামতিত নাহৰফুটুকী পিঞ্জৰাবদ্ধশিৱসাগৰৰ নামতিত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

Share and Enjoy !

Shares

শিৱসাগৰ জিলাৰ নামতিৰ লাটুম গাঁৱত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ।

দীৰ্ঘদিনধৰি অঞ্চলটোত মানুহক আক্ৰমণ কৰা লগতে পশুধন ভক্ষণ কৰি চলাই আহিছিল সন্ত্ৰাস।

বহুকেইটা নাহৰফুটুকীয়ে অঞ্চলটোত বিচৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

নাহৰফুটুকীৰ সন্ত্ৰাসত অঞ্চলবাসী অতিষ্ঠ হৈ পৰিছিল ৰাইজ।

বিগত তিনি বছৰৰো অধিক অঞ্চলটোত কেইবাটাও নাহৰফুটুকীয়ে বিচৰণ কৰি পশুধন ভক্ষনেৰে সন্ত্ৰাস চলাই আহিছিল।

মাত্ৰ কেইদিনমান পূৰ্বে তিনিজনকৈ ব্যক্তি নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।

নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল অনিল বৰুৱা, নামতি কুকুৰাচোৱাৰ সুশীল কৈয়া আৰু অনুপ ভট্টাচাৰ্য ।

অৱশেষত হালোৱাটিং বন বিভাগৰ সহযোগত পিঞ্জৰাৰ ব্যৱস্থা কৰিছিল স্থানীয় লোকে।স্থানীয় লোকে পিঞ্জৰাৰ ব্যৱস্থা কৰা পিছতে যোৱা নিশা নাহৰফুটুকীটো আৱদ্ধ হয়।

নাহৰফুটুকীটো প্ৰত্যক্ষ কৰিবৰ কাৰণে বহু লোকৰ সমাগম হয়। নাহৰফুটুকীৰ পিঞ্জৰাৰ পিছতে স্থানীয় লোক আশ্বস্ত হৈ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *