বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতে ধুবুৰী জিলাৰ চাপৰত চাঞ্চল্যকৰ ঘটনা।
অগপ নেত্ৰী চম্পা কৰ্মকাৰক ৰাজপথত প্ৰহাৰ কৰি গ্ৰেপ্তাৰ দেৱৰাজ ভূঞা
মহিলাৰ ভিৰৰ মাজত সুৰাৰ মাতালত উদণ্ড আচৰণ কৰা যুৱকজনক বাধা দিয়াৰ বাবেই চম্পা কৰ্ম’কাৰক চুলিত ধৰি চোঁচৰাই চোঁচৰই মাৰপিট কৰে।
ইয়াৰ উপৰি, নেত্ৰীগৰাকীৰ সোণৰ চেইন আৰু কাণৰ অলংকাৰ কাঢ়ি নিয়াৰো অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ পিছতে ভুক্তভোগীৰ পৰিয়ালে চাপৰ আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে।
আহত মহিলা’গৰাকীক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে।
ইফালে,বিধায়ক জিবেশ ৰায়ে চাপৰত উপস্থিত হৈ আহত নেত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
ঘটনা সন্দৰ্ভত তদন্ত চলাই চাপৰ আৰক্ষীয়ে অভিযুক্ত দেৱৰাজ ভূঞাক গ্ৰেপ্তাৰ কৰে।
বিজয়া দশমীৰ দৰে উৎসৱমুখৰ দিনত সংঘটিত এই ঘটনাই চাপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।