বিজয়া দশমীৰ দিনাই বজালীৰ কেন্দুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
DJ নাইট উপভোগ কৰি ঘৰলৈ উভতি অহাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই এখন পালছাৰ বাইকে পথৰ কাষৰ বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী।
আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন এজন ব্যক্তি।
নিহত বাইক আৰোহী গৰাকী ২৮ বছৰীয়া নৱজিৎ তালুকদাৰ বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আনজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি পাঠশালাৰ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় পাঠশালা আৰক্ষীৰ এটা দল।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত এই শোকাৱহ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।