ঐতিহাসিক মায়ঙত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন শ্ৰী শ্ৰী লক্ষ্মীপূজা।
পূজাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশ। পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে উদুলি-মুদুলি হৈ পৰিছে লক্ষ্মী মন্দিৰৰ চৌহদ।
পূজাৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয় অঞ্চলটোৰ জীয়ৰী-বোৱাৰীসকলে কলহেৰে পানী তোলা মাংগলিক পৰম্পৰাৰে।
ব্ৰহ্মপুত্ৰ নৈৰ গণেশ ঘাটৰ পৰা শংখ-ঘণ্টাৰ ধ্বনি আৰু পূজাৰীৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে পবিত্ৰ জল সংগ্ৰহ কৰি ভক্তসকলে লক্ষ্মী মন্দিৰৰ অভিমুখে যাত্ৰা কৰে। ধৰ্মীয় পৰম্পৰা অনুসৰি সম্পন্ন কৰা এই জল আহৰণ কাৰ্যসূচীয়ে সমগ্ৰ পৰিৱেশতে এক পৱিত্ৰতা আৰু ভক্তিৰ আবেশ সৃষ্টি কৰে।
পবিত্ৰ জল লৈ ভক্তসকল লক্ষ্মী মন্দিৰৰ প্ৰাংগণত উপস্থিত হোৱাৰ পিছত তাত একত্ৰিত হয় অঞ্চলটোৰ বহু লোক। শংখ-ঘণ্টাৰ মাংগলিক ধ্বনি, পূজাৰীৰ মন্ত্ৰোচ্চাৰণ আৰু ভক্তসকলৰ উপস্থিতিয়ে মন্দিৰৰ চৌহদত এক ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰে। পৰম্পৰাগত ৰীতি-নীতিৰে আৰম্ভ হোৱা এই কাৰ্যসূচীয়ে মায়ঙৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ লগতে স্থানীয় ৰাইজৰ মাজত থকা ধৰ্মীয় আস্থা আৰু সামাজিক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে।
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই শ্ৰী শ্ৰী লক্ষ্মীপূজাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। পূজাৰ পৰৱৰ্তী দিনসমূহতো বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ পৰিৱেশ মুখৰিত হৈ থাকিব বুলি আশা কৰা হৈছে। ঐতিহাসিক মায়ঙৰ এই পৰম্পৰাগত পূজাই অঞ্চলটোৰ ধৰ্মীয় বিশ্বাস, লোকাচাৰ আৰু সামাজিক ঐক্যৰ এক সুন্দৰ প্ৰতিফলন দাঙি ধৰিছে।