দেওবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৰোড শ্ব’ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
বাৰাণসী ভ্ৰমণলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰবিন্দ লিমিটেডৰ এটা নতুন পোছাক নিৰ্মাণ কাৰখানাৰ উদ্বোধন কৰে। লগতে নমো ঘাটত ভাৰতীয় বায়ুসেনাৰ ৯৪সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ‘উইংছ অভাৰ গংগেছ’ (Wings over Ganges) শীৰ্ষক এয়াৰ ডিছপ্লে-২০২৬ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক কেন্দ্ৰ কৰি বাৰাণসীত ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰা হয়। আৰক্ষী লাইনছৰ পৰা কালচাৰেল কমপ্লেক্স আৰু চৌকাঘাট হৈ নমো ঘাটলৈ ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছিল। চহৰখনৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবেও বিশেষ ব্যৱস্থা কৰা হয়।
সংবাদ সংস্থা PTIৰ তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অৰবিন্দ লিমিটেডৰ নতুন পোছাক নিৰ্মাণ কাৰখানাটো উদ্বোধন কৰে। তাত তেওঁ মহিলা কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে।