মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ শ্ৰীভূমি আৰক্ষী। শ্ৰীভূমিত বিহু দলক আক্ৰমণ কৰা ৪ অভিযুক্তক আটক।
সোধা-পোছাৰ অন্তত নিশা ৪ জনক গ্ৰেপ্তাৰ কৰে শ্ৰীভূমি আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন সুমিত কুমাৰ দাস, অৰ্ণৱ কুমাৰ ৰয়, প্ৰিয়াংশু পাল, প্ৰিয়াংশু দাস
উল্লেখ্য যে,দেওবাৰে শ্ৰীভূমিত বিহু দলৰ ওপৰত আক্ৰমণত জড়িত দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ DGPক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈছিল আৰক্ষী সঞ্চালকপ্ৰধান।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ‘‘শ্ৰীভূমিত বিহু দলৰ ওপৰত হোৱা আক্ৰমণৰ খবৰ অত্যন্ত উদ্বেগজনক আৰু দুৰ্ভাগ্যজনক। বিহু হৈছে অসমৰ আত্মা, আমাৰ গৌৰৱ আৰু আমাৰ পৰিচয়। আমাৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি কৰা কোনো অপমান আমি কেতিয়াও সহ্য নকৰোঁ। মই @DGPAssamPolice ক দোষীসকলৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছোঁ।’’