তেজপুৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু।
বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
জানিব পৰা মতে, প্ৰায় ৬ টা বছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল শিবু দে আৰু তেওঁৰ পত্নী।শিবুৰ পৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যা কৰা বুলি অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ ৷ পত্নীক ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল শিবুই – এই অভিযোগ ভুক্তভোগীৰ মাতৃৰ ৷ সুৰাসক্ত শিবুৰ লগতে স্বামী ঘৰৰ পৰিয়ালে পত্নীগৰাকীক অমানুষিক অত্যাচাৰ চলোৱা অভিযোগ তোলে ভুক্তভোগীৰ পৰিয়ালে।
পিছে আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব এয়া পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা৷