Share and Enjoy !

Shares

শীঘ্ৰেই সম্পন্ন কৰা হ’ব প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। আজিৰে পৰা আৰম্ভ জ্যেষ্ঠতাৰ ভিত্তিত কেডাৰ বাছনিৰ কাম। অহা ১১ নৱেম্বৰৰ ভিতৰত জিলা পৰ্যায়ত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ১২ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত জিলা পৰ্যায়ত গঠন কৰা হ’ব বাছনি সমিতি। ইয়াৰ পিছত ২৬ নৱেম্বৰৰ ভিতৰত বাছনি কৰা শিক্ষকসকলৰ তালিকা ৰাজ্যিক পৰ্যায়লৈ প্ৰেৰণ কৰিব লাগিব।

পৰৱৰ্তী সময়ত ৰাজ্যিক বাছনি সমিতিয়ে শিক্ষকসকলৰ তালিকা পৰীক্ষা কৰি প্ৰধান শিক্ষক পদৰ বাবে চূড়ান্ত তালিকা প্ৰস্তুত কৰিব।

এই প্ৰক্ৰিয়াৰ বাবে ৰাজ্যৰ ১৮খন জিলাৰ জিলা শিক্ষা বিষয়ালৈ জাননী জাৰি কৰা হৈছে।

অৱশ্যে প্ৰকাশিত তালিকাত ষষ্ঠ অনুসূচীৰ অধীনস্থ আঠখন জিলাৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ উপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকা জিলাসমূহৰ নামো তালিকাত নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *