Share and Enjoy !

Shares

শোণিতপুৰ জিলাৰ তেজপুৰৰ কছাৰীপাম অঞ্চলত মৰ্মান্তিক পথ দুৰ্ঘটনা। এখন চলন্ত ট্ৰাকত এখন দ্ৰুতবেগী বাহনে পিছফালৰ পৰা প্ৰচণ্ড বেগেৰে খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো ঘটে।

প্ৰাপ্ত খবৰ অনুসৰি, যাত্ৰীবাহী বাহনখন অত্যন্ত দ্ৰুতগতিত আহি থকা অৱস্থাত পথৰ কাষত চলি থকা ট্ৰাকখনত নিয়ন্ত্ৰণহীনভাৱে খুন্দা মাৰে। সংঘৰ্ষটো ইমান তীব্ৰ আছিল যে বাহনখনত থকা মুঠ চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই স্থানীয় ৰাইজ তৎপৰ হৈ পৰে। ৰাইজৰ সজাগতা আৰু সহযোগত গুৰুতৰভাৱে আহত হোৱাৰ চাৰিজন আৰোহীক দ্রুতভাৱে উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসা অব্যাহত আছে। ইফালে, এই দুৰ্ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *