Share and Enjoy !

Shares

চাপৰৰ চৰ’শিংগাৰ পাকত ভয়ংকৰ মাৰপিটৰ ঘটনা!

ৰাস্তাৰ গাঁত মেৰামতি কৰিবলৈ গৈ আক্ৰমণৰ বলি ৰফিকুল নামৰ ব্যক্তিজন।

চাপৰৰ চৰশিংগাৰ পাকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা।

ৰাস্তাৰ গাঁত মেৰামতি কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে অৱশেষত ভয়ংকৰ ৰূপ ধাৰণ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি,ৰাস্তাত সৃষ্টি হোৱা গাঁতটো পুতি মেৰামতি কৰাৰ উদ্দেশ্যে ৰফিকুল নামৰ এজন ব্যক্তিয়ে ৰাস্তাৰ কাষৰ পৰা কিছু পৰিমাণৰ মাটি আনি গাঁতটোত দিয়াৰ চেষ্টা কৰিছিল।

কিন্তু এই সামান্য বিষয়টোক কেন্দ্ৰ কৰি এজন আগুৰি ধৰে আৰু তিনিজন ব্যক্তি ঘটনাস্থলীত উপস্থিত হৈ ৰফিকুলক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আক্ৰমণত জড়িত ব্যক্তি তিনিজন হৈছে জালাল, জলিল আৰু অমৰ।বুলি জানিব পৰা গৈছে

ইফালে, আক্ৰমণত আহত ৰফিকুলক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

ঘটনাৰ পিছতে আহত ৰফিকুলৰ পৰিয়ালৰ লোকে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাস্তাৰ গাঁত মেৰামতিৰ দৰে জনস্বাৰ্থ জড়িত বিষয়ক কেন্দ্ৰ কৰি এজন ব্যক্তিক এনেদৰে আক্ৰমণ কৰাৰ কাৰণ কি?

সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য।

Leave a Reply

Your email address will not be published. Required fields are marked *