Share and Enjoy !

Shares

হোটেল বিলাস ইনত ঘাতক ঘনকান্ত গগৈক লৈ ক্ৰা-ইম চিন ৰিক্ৰিয়েশ্যন পল্টনবজাৰ আৰক্ষীৰ।

আজি ক্ৰাইম ছীন ৰিক্ৰিয়েচনৰ পিছত কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব ঘাতক ঘনকান্তক। কাইলৈ ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিব ঘাতক ঘনকান্তৰ।

ইফালে, ঘাতক ঘনকান্তৰ পত্নীকো মাৰাথন জেৰা আৰক্ষীৰ। তদন্তকাৰী আৰক্ষীয়ে জব্দ কৰিছে গাড়ী, ম’বাইল ফোন।

আৰক্ষীৰ আগত ঘনকান্তৰ পত্নীয়ে মন্তব্য কৰিছে, ‘‘ভৰালী পৰিয়ালে বাৰে বাৰে জোৰ কৰি মাতিছিল ঘনকান্তক। ফোনতেই সকলো কথা পাতিম বুলি কৈছিল ঘনকান্তই।’’

ঘটনাৰ পাছত প্ৰথমে পত্নীক ফোন কৰাৰ কথা স্বীকাৰ কৰিছে ঘনকান্তৰ পত্নীয়ে। ঘনকান্তৰ পত্নীয়ে আৰক্ষীৰ আগত মন্তব্য কৰিছে যে কেইবাজনো মানুহে ঘনকান্তক হেঁচা মাৰি ধৰিছিল। ব্যৱসায় ভাল চলি নথকাৰ বাবে হোটেলখন গতাই দিব বিচাৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *