ধিঙত দিন-দুপৰতে ৰাইজে কৰায়ত্ত কৰিলে সন্দেহযুক্ত গাড়ী চোৰ ।
ধিং বজাৰৰ মাজ-মজিয়াৰ পৰা ৰাইজে কৰায়ত্ব কৰিলে অচিনাক্ত সন্দেহযুক্ত এটা গাড়ী চোৰক ।
ধিঙৰ ভকত গাঁৱৰ মনোজ নামৰ এজন যুৱকে AS 02 T 1219 নম্বৰৰ নিজৰ চাৰিচকীয়া বাহনখন ৰখাই লক নকৰাকৈয়ে ওচৰৰে এখন দোকানত সামগ্ৰী কিনিবলৈ গৈছিল ।
ঠিক সেই সময়তেই এজন অচিনাক্ত তথা সন্দেহযুক্ত বিহাৰী সম্প্ৰদায়ৰ এজন যুৱকে গাড়ীখনৰ ভিতৰত প্ৰবেশ কৰি বহি থকা একাংশ লোকে প্ৰত্যক্ষ কৰে ।
লগে লগে ধিং বজাৰৰ স্থানীয় লোকে গাড়ীখনৰ ভিতৰৰ পৰাই যুৱকজনক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই ।
একাংশই সন্দেহ কৰা মতে, এই অচিনাক্ত যুৱকজনে হয়তো গাড়ীখন চোৰ কৰিবলৈ নাইবা গাড়ীৰ ভিতৰৰ পৰা কিবা সামগ্ৰী চুৰি কৰিবলৈ এনেদৰে গাড়ীৰ ভিতৰত প্ৰবেশ কৰিছিল ।
ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ যুৱকজনক কৰায়ত্ব কৰি থানালৈ লৈ যায় যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সঠিক পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে যুৱকজনক সুত-পোচ আৰম্ভ কৰিছে ।