তেজপুৰত চাঞ্চল্যকৰ ঘটনা!।ঘৰচীয়া হাতীয়ে শিকলি ছিঙি যুৱকৰ প্ৰাণ লোৱাৰ অভিযোগ।তেজপুৰত চাঞ্চল্যকৰ ঘটনা!।ঘৰচীয়া হাতীয়ে শিকলি ছিঙি যুৱকৰ প্ৰাণ লোৱাৰ অভিযোগ।

Share and Enjoy !

Shares

তেজপুৰত চাঞ্চল্যকৰ ঘটনা।ঘৰচীয়া হাতীয়ে শিকলি ছিঙি প্ৰাণ ল’লে এজন যুৱকৰ ।

তেজপুৰৰ গেৰেকীৰ বালিচাপৰিত ঘৰচীয়া হাতীৰ আক্ৰমণত গুদ্দু খান ওৰফে পিলপিলি নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ৷

জানিব পৰা মতে, তেজপুৰৰ ৰাইজৰ দলৰ উপ-সভাপতি ঋষিৰাজ কৌণ্ডিন্যৰ পোহনীয়া হাতীটো ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত বান্ধি থৈছিল৷ তাৰ পৰা শিকলি ছিঙি গৈ হাতীটোৱে যুৱকজনক আক্ৰমণ কৰাৰ অভিযোগ৷

ঘটনা সন্দৰ্ভত গুদ্দু খানৰ জ্যেষ্ঠ ভগ্নীয়ে কয়, “কাম কৰিবলৈ যায় । কেতিয়াবা আহে, আকৌ ওলাই যায় । তিনিদিন ধৰি সি যোৱা নাই । আজি পুৱা ঘৰৰ পৰা গৈছিল আৰু অলপ পিছত লগৰকেইটাই খবৰ দিয়ে যে তাক হাতীয়ে মাৰিছে । তাৰ মুখ বন্ধা আছে । আমি নিশ্চিত নহয় যে হাতীয়ে মাৰিছেনে নাই । যদি হাতীয়ে মৰা নাই আমাক উচিত তদন্ত লাগে ।”

ইফালে হাতীৰ গৰাকী ঋষিৰাজ কৌণ্ডিন্যৰ সৈতে যোগাযোগ কৰাত তেওঁ জনায়, “ঘটনাটো হাতীয়ে মৰা নহয় । যদি হাতীয়ে মাৰিলেহেতেন তেন্তে মুখখন কেনেকৈ বন্ধা থাকিব । হাতীয়ে মাৰিলে আচাৰি পেলায় ।”

বৰ্তমানলৈ যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে জানিব পৰা যাব প্ৰকৃত কাৰণ

Leave a Reply

Your email address will not be published. Required fields are marked *