ৰাজ্যজুৰি নাৰীজনিত অপৰাধৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হৈছে । ৰাজ্যত সক্ৰিয় ৰূপত নাৰী সৰবৰাহকাৰী(Woman Trafficking)।
ৰাজ্যত পুনৰ নাৰী সৰবৰাহকাৰীৰ ঘটনা। এইবাৰ জালুকবাৰী আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী। ধৃত নাৰী সৰবৰাহকাৰীজনীৰ নাম গুলে আচমা।
গাড়ীগাঁৱৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ গুলে আচমাক।
নাৰী সৰবৰাহৰ সৈতে মহিলাগৰাকী প্ৰত্যক্ষভাৱে জড়িত থকা ক্লু লাভ আৰক্ষীৰ। মহিলাজনীয়ে শেহতীয়াকৈ ৩ গৰাকী কিশোৰী, যুৱতীক হাৰিয়ানাত বিক্ৰী কৰাৰো তথ্য লাভ আৰক্ষীৰ।
জালুকবাৰী অঞ্চলৰ পৰা নিৰুদ্দিষ্ট এগৰাকী কিশোৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ মহিলাগৰাকীক।
জানিব পৰা মতে কিশোৰী, যুৱতী ফুচুলাই বহিঃৰাজ্যলৈ লৈ যায় মহিলাগৰাকীয়ে।
পৰৱৰ্তী সময়ত তেওঁলোকক এটা নাৰী সৰবৰাহৰ গেঙক বিক্ৰী কৰে। মহিলাগৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত BNSৰ 61, 143 (3) ধাৰাৰ অধীনত 490/2025 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে।
নিৰুদ্দিষ্ট কিশোৰী, যুৱতীকেইগৰাকীক উদ্ধাৰ কৰিবলৈ শীঘ্ৰেই বহিঃৰাজ্যলৈ যাব জালুকবাৰী আৰক্ষীৰ এটা দল।
