Share and Enjoy !

Shares

দেওবাৰে পুৱাই অশ্ৰুৰ বন্যা বোৱালে ঘিলামৰাবাসীত মৰ্মান্তিক দুৰ্ঘটনা। পোহনীয়া পশুধন এৰাল দিবলৈ গৈ জেঠাই ভতিজাৰ মৃত্যু। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মেৰ বিলত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ।

জানিব পৰা মতে, নিজৰ গৰু খেদি নি মেৰবিল পাৰ হৈ পথাৰলৈ যাবলৈ এৰি দি তিনিও গৰাকী এখন নাৱেৰে পাৰ হৈছিল মেৰবিল ।এনেতে আকস্মিক ভাৱে নাওখন মেৰবিলৰ বুকুত ডুবি যায় ।

ইতিমধ্যে পশুধন সমূহ মেৰবিল পাৰহৈ পথাৰত প্ৰৱেশ কৰাত আগতীয়াকৈ যোৱা চহাই গৰাকী সকলক নেদেখি সন্ধান চলাই । কিন্তু বিলৰ বুকুতো তেওঁলোকক নেদেখি সন্দেহ কৰি স্থানীয় ৰাইজক অৱগত কৰে পাছত ৰাইজে নিজেই বিলৰ বুকুত সন্ধান চলাই প্ৰথমে বিলৰ বুকুত ওপঙি উঠা পদ্মা দত্তক উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত অন্য দুজনক ৰাইজে মৃত অৱস্থাত উদ্ধাৰ কৰে।মৃতলোককেইজন ঘিলামৰা দেউলীয়া গাঁওৰ পদ্মা দত্ত (৪৫) , তেওঁৰেই ভতিজাক মৃদুস্মিন দত্ত (১৪) আৰু অজিত দত্ত(২৫) বুলি জানিব পৰা গৈছে।।

ৰাইজে এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত ঘিলামৰা আৰক্ষীক অৱগত কৰে আৰক্ষীয়ে মৃতদেহ তিনিটা জব্দ কৰি চিকিৎসালয়লৈ নি যাবতীয় কার্যব্যৱস্থা গ্ৰহণ কৰে । একেলগে তিনিগৰাকী ব্যক্তিৰ অকাল বিয়োগত শোকৰ ছাঁ পৰিছে সমগ্ৰ ঘিলামৰাত ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *