Share and Enjoy !

Shares

বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসৰ বাসগৃহ ঘেৰা।তিনি শতাধিক চাহ শ্ৰমিকে ঘেৰাও কৰে বাসগৃহ।

ঘেৰাও কৰি চাহ শ্ৰমিকে গাড্ডাৰ আখ্যা দিয়ে পল্লৱ লোচন দাসক।

জানিব পৰা মতে অতীতৰ পৰা চলি অহা মিজিকা চাহ বাগিছাৰ সাপ্তাহিক বজাৰখনৰ দায়িত্ব লৈ আছিল স্থানীয় যুৱকসকলে।

অভিযোগ অনুসৰি ৮০দশকৰ পৰাই এইদৰে চলি থকা বজাৰখন টেণ্ডাৰ কৰিবলৈ যো-জা চলাইছিল বিধায়ক পল্লৱ লোচন দাসে। এই সন্দৰ্ভত বিধায়কগৰাকীক কিছুদিন পূৰ্বে স্থানীয় লোকসকলে বজাৰখন টেণ্ডাৰ নকৰিবলৈ অনুৰোধ জনাইছিল যদিও বিধায়কগৰাকীয়ে কোনো গুৰুত্ব দিয়া নাছিল।

সেয়েহে আজি মিজিকাৰ পৰা প্ৰায় তিনি শতাধিক পুৰুষ আৰু মহিলা চাহ শ্ৰমিকে সমদল কৰি আহি উপস্থিত হয় বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসৰ পাভৈস্থিত বাসগৃহত। অৱশ্যে বিধায়কগৰাকী গৃহত নাছিল যদিও শ্ৰমিকসকলে পল্লৱ লোচন দাস কাম নাই, পল্লৱ লোচন দাস গ’ বেক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি ঘেৰাও কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *