যোৰহাটত আৰক্ষীৰ জালত হানী ট্রেপিঙৰ বৃহৎ চক্ৰ।ব্যৱসায়ী আৰু চৰকাৰী বিষয়াক টাৰ্গেট কৰিছিল চক্ৰটোৱে।
বেংকৰ মেনেজাৰক ব্লেকমেইল কৰি আদায় কৰিছিল ৩ লাখ টকা। পুনৰ দাবী কৰিছিল ৫ লাখ টকা। যোৰহাটত যুৱক যুৱতীৰ এটা হানী ট্রেপিং চক্ৰই তিনিচুকীয়াৰ এজন বেংকৰ মেনেজাৰক ব্লেকমেইল কৰি তিনিলাখ টকা আদায় কৰাৰ পাছত পুনৰ পাঁচ লাখ দাবী কৰি আৰক্ষীৰ জালত পৰে।
যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খলনায়িকা মৰমী দাস নেওঁগ, বেবী বৰা, সঞ্জীৱ দাস,অংকিত পল, অংকিত বৰা নামৰ এটা চক্ৰক।
মৰমী দাস নেওগে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধনী লোকক জালত পেলাই পাছত কোঠাৰ ভিতৰত অশালীন ভিডিঅ’ বনাই পৰৱৰ্ত্তী সময়ত ব্লেকমেইল কৰে। বেংকৰ মেনেজাৰ জনৰণ লগতো নিবিড় মুহূৰ্ত কটাই যুৱক কেইজনৰ জৰিয়তে ভিডিঅ’ ৰেকৰ্ডিং কৰি ব্লেকমেইল কৰিছিল।