Share and Enjoy !

Shares

খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত একশ্বন মুডত বজালীৰ বিধায়ক।

আজি কাৰ্যালয়ত প্ৰৱেশ কৰি খণ্ড উন্নয়ন বিষয়া সহিতে কৰ্মচাৰী সকলক তীব্ৰ সকিয়নি বিধায়ক গৰাকীৰ ।

কাৰ্যালয়টো পূৰ্বে ভাল অবস্থাৰ পৰা ৰাজ্যৰ ভিতৰতে আজি পিছুৱাই কিয় ৩১ নং স্থান পালে তাৰ বাবে বিষয়াক জৱাবদিহি কৰে ধৰ্মেশ্বৰ ৰয়ে।

খঙত অগ্নিশৰ্মা হৈ বিধায়ক গৰাকীয়ে ভৱিষ্যতে যাতে কাৰ্যালয়ত অনিয়ম নহয় তাৰ বাবে সকিয়নি প্ৰদান কৰে ।

আনহাতে ইতিপূৰ্বে পূৰ্বে বদলি হৈ যোৱা খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে কেইদিনমান পূৰ্বে নিশা আহি কাৰ্যালয় খুলি ভিতৰত প্ৰবেশ কৰি কাম কৰা বিষয়ক লৈ ও ক্ষুণ্ণ হৈ পৰে বিধায়কগৰাকী।

আনহাতে দুৰ্নীতিত লিপ্ত হোৱা তথ্য পালেই সেই কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰিৱ বুলি ভাবুকি দিয়ে বিধায়ক গৰাকীয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *