Share and Enjoy !

Shares

নিশা কাছাৰৰ বৰখলাত ভয়ংকৰ ঘটনা। নিমিষতে নৈত খহি পৰিল পকী দলং। নৈত জপিয়াই প্রাণ ৰক্ষা কেইবাজনো লোকৰ।

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল হাৰং নৈৰ ওপৰত থকা ৰংঘৰ-ভাঙ্গাৰপাৰ সংযোগী পকী দলংখন। এই দলংখনৰ বাবে দীৰ্ঘদিনে যমৰ যাতনা ভূগি আহিছিল স্থানীয় ৰাইজে এই দলংখনেৰে বাইক,অটো আৰু চাৰিচকীয়া লঘু বাহনৰ পাৰাপাৰ হৈছিল। যাৰ ফলত দলংখন অধিক দুৰ্বল হৈ পৰিছিল।

দেওবাৰে নিশাৰ ভাগত কেইবাজন লোক দলংখন পাৰ হৈ যাওতে হঠাৎ খহি পৰে জৰাজীৰ্ণ দলংখন। অৱশেষত নৈত জপিয়াই প্রাণ ৰক্ষা কৰে লোকসকলে।

স্থানীয় ৰাইজে অভিযোগ অনুসৰি, সুস্মিতা দেৱ শিলচৰৰ সাংসদ হৈ থকাৰ সময়তে তেওঁৰ সাংসদ পুঁজিৰ ধনেৰে এই দলংখন নিৰ্মাণ কৰিছিল। যোৱা কেইবামাহো ধৰি দলংখন অতি বিপজ্জনক হৈ আছিল যদিও প্ৰশাসনে মেৰামতিৰ কোনো পদক্ষেপ গ্ৰহণ নাছিল । ৰাইজে বহুবাৰ আবেদন জনোৱাৰ পাছতো কোনো সুফল নোপোৱাত অৱশেষত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *