Share and Enjoy !

Shares

প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি এবছৰ পূৰ্ণ হ’ল।

২০২৫ৰ ৩ নৱেম্বৰৰ দিনটোতে ৫৭ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰি এই ধৰাৰ পৰা বিদায়।মাগিছিল

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ অন্তত চেন্নাইৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট শিল্পীগৰাকীয়ে। তেওঁৰ অকাল বিয়োগত ম্ৰিয়মাণ হৈ পৰা অসমবাসীয়ে আজিও তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিৰ দিনটোত বিভিন্ন দল- সংগঠনৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সামাজিক মাধ্যমতো শিল্পীগৰাকীক সুঁৱৰি বিভিন্ন জনে শ্ৰদ্ধা জনাইছে।

উল্লেখ্য যে , ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *