অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিয়মালী জাৰি।
আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই পৰামৰ্শসমূহ পালন কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।
শিক্ষা বিভাগৰ পৰামৰ্শ অনুসৰি বিদ্যালয়ৰ দৈনিক প্ৰাতঃসভা আৰম্ভ হোৱাৰ পূৰ্বেই বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। বিদ্যালয়ৰ পাঠদান চলি থকা সময়ছোৱাত বিনা অনুমতিত কোনো বাহিৰা লোকেই বিদ্যালয় চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব।
কেৱল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি (SMC)-ৰ বিষয়ববীয়া আৰু শিক্ষা বিভাগৰ অনুমোদিত বিষয়া-কৰ্মচাৰীসকলেহে জৰুৰী প্ৰয়োজন অনুসৰি বিদ্যালয়ত উপস্থিত থাকিব পাৰিব।
শিক্ষাৰ এক সুচল তথা সুৰক্ষিত পৰিৱেশ গঢ়ি তোলা, ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু পঠন-পাঠন চলি থকা সময়ত কোনো ধৰণৰ অনাকাংক্ষিত বাহ্যিক হস্তক্ষেপ ৰোধ কৰাই শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ মূল উদ্দেশ্য। ৰাজ্যৰ সকলো চৰকাৰী তথা ব্যক্তিগত বিদ্যালয়কে এই নতুন নিয়মাৱলী সক্ৰিয়ভাৱে পালন কৰিবলৈ জাননী যোগে সঁকিয়াই দিয়া হৈছে।