মহানগৰীৰ কামাখ্যা ৰে’লৱে ষ্টেচনত জালনোটসহ আটক উত্তৰ প্ৰদেশৰ ৩ সৰবৰাহকাৰীক৷ ৰে’ল ষ্টেচনৰ প্লেটফৰ্মত বহি থকাৰ সময়তে ৩ সৰবৰাহকাৰীৰ ওপৰত সন্দেহ ওপজে ৰে’ল আৰক্ষীৰ৷
লগে লগে আৰক্ষীয়ে তেওঁলোকৰ বেগ সহ অন্যান্য সামগ্ৰী তালাচী চলাই।তালাচী অভিযানত বেগৰ পৰা উদ্ধাৰ হয় প্ৰায় ২৩ লাখ ৬৩ হাজাৰ টকাৰ জালনোট ৷ জালনোট সমূহ আছিল পাঁচশ টকাৰ ৷
আনহাতে জেৰাত তিনি সৰবৰাহকাৰীয়ে কামাখ্যা ধাম দৰ্শনৰ বাবে অহা বুলিহে মন্তব্য কৰে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ৰে’ল আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ৷