Share and Enjoy !

Shares

মহানগৰীত নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে আৰক্ষীৰ অভিযান।

বশিষ্ঠ আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী।

মহানগৰীৰ সেউজ নগৰ অঞ্চলত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে প্ৰায় ডেৰ কোটি টকা বাজাৰ মূল্যৰ নিচাজাতীয় সামগ্ৰী। অভিযানকাৰী আৰক্ষীৰ দলটোৱে ঘটনাৰ সৈতে জড়িত ভবেন পেগু নামৰ এটা সৰবৰাহকাৰীক আটক কৰে।

উল্লেখ্য যে, সৰবৰাহকাৰীটোৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১৯টা নিচাজাতীয় সামগ্ৰী ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। এই বাকচসমূহত মুঠ ২৬২ গ্ৰাম নিচাজাতীয় সামগ্ৰী মজুত আছিল। আন্তর্জাতিক তথা মুকলি বজাৰত জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ আনুমানিক মূল্য প্ৰায় ডেৰ কোটি (১.৫ কোটি) টকা বুলি জানিব পৰা গৈছে।

বশিষ্ঠ আৰক্ষীয়ে ধৃত ভবেন পেগুক সোধপোছ অব্যাহত ৰাখিছে। এই নিচাজাতীয় সামগ্ৰীৰ চালান ক’ৰ পৰা অনা হৈছিল আৰু মহানগৰীৰ কাৰ কাৰ ওচৰলৈ যোগান ধৰাৰ পৰিকল্পনা আছিল, সেই বিষয়ে সবিশেষ তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে তদন্ত চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *