প্ৰচণ্ড ধুমুহা-বৰষুণৰ কৱলত নামনি অসম।নামনি অসমৰ।গৌৰীপুৰ, ধৰ্মশালা, বালাজান, গোলকগঞ্জ আৰু বিলাসীপাৰাত ধুমুহা বৰষুণৰ তাণ্ডৱ।।
বুধবাৰে দুপৰীয়া গোলকগঞ্জত হোৱা প্ৰবল ধুমুহা আৰু বৰষুণৰ মাজতে বিভিন্ন স্থানত বজ্ৰপাতৰ ঘটনা সংঘটিত হয়। বজ্ৰপাতৰ ফলত কমেও ৬জন লোক আহত হয়।
আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক। সংকটজনক অৱস্থাত থকা লোকজন বালাবাৰীৰ গোপাল বৰ্মন (২৪) বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ততাতৈয়াকৈ তেওঁক গোলকগঞ্জ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।
ইফালে গোলকগঞ্জৰ লক্ষীমাৰী হাইস্কুলৰ খেলপথাৰত বজ্ৰপাত পৰাত দশম শ্ৰেণীৰ তিনিজন ছাত্ৰ আহত হয়। আহত ছাত্ৰকেইজন হৈছে মেহদী হাছান, চাহিল আহমেদ আৰু বিশ্বজিত বৰ্মন। তেওঁলোকক গোলকগঞ্জ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।