নলবাৰী জিলাত উপস্থিত নলবাৰী জিলাৰ বাবে নিযুক্ত সাধাৰণ পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকসকল । ১৯ মাৰ্চত সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বি শ্ৰীনিৱাসন, আৰক্ষী পৰ্যবেক্ষক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অবিনাশ কুমাৰৰ লগতে ব্যয় পৰ্যবেক্ষক ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আশুতোষ কুমাৰ চাহুই পুৱাৰ ভাগত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া নিৱেদন দাস পাটোৱাৰী আৰু অতিৰিক্ত জিলা আয়ুক্তকে ধৰি অন্যান্য নিৰ্বাচনী দায়িত্বপ্ৰাপ্ত বিষয়াৰ লগত পৰ্যালোচনা বৈঠকত মিলিত হয়।
পৰ্যবেক্ষক তিনিগৰাকীয়ে জিলা আয়ুক্তৰ লগতে অন্যান্য বিষয়াসকলৰপৰা নিৰ্বাচনী কাম-কাজৰ বুজ লয়। জিলা আয়ুক্ত নিৱেদন দাস পাটোৱাৰীয়ে জনাই যে ইতিমধ্যে সকলো নিৰ্বাচনী কোষৰ কাম আৰম্ভ হৈছে।
জিলা আয়ুক্ত কাৰ্যালয়ত ২৪ ঘন্টাই সক্ৰিয় নিয়ন্ত্ৰণ কক্ষ ফোন নম্বৰৰ সৈতে স্থাপন কৰা হৈছে। ইভিএম কোষ, প্ৰশিক্ষণ কোষ, মিডিয়া কোষ, পৰিবহন কোষ, খাদ্য যোগান কোষ, ব্যয় নিৰীক্ষণ কোষ, নিৰ্বাচনী আচৰণ বিধি কোষ, পৰ্যবেক্ষক কোষ, পোষ্টেল বেলট পেপাৰ কোষ, আদিকৰি সকলো নিৰ্বাচনী কোষে কাম কৰি আছে বুলিও জিলা আয়ুক্তগৰাকীয়ে জনায়।
জিলা আয়ুক্ত শ্ৰীপাটোৱাৰীয়ে আৰু জনায় যে নলবাৰী কলেজত ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে। আজিৰ সভাত নিৰ্বাচন বিষয়া গুঞ্জনা শইকীয়াই জিলাখনৰ বিষয়ে অৱগত কৰাৰ লগতে জিলাখনত কিমান ভোটদাতা, কিমান ভোটগ্ৰহণ কেন্দ্ৰ, আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ, মহিলাৰদ্বাৰা পৰিচালিত হ’বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰ আদিকৰি বিষয়সমূহ পৰ্যবেক্ষকসকলক অৱগত কৰে।
এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তৰ উপৰি বিভিন্ন কোষৰ সহায়কাৰী বিষয়াসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে ১৮ মাৰ্চত ব্যয় পৰ্যবেক্ষক আশুতোষ কুমাৰ চাহুই জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া নিবেদন দাস পাটোৱাৰীৰ উপৰি অন্যান্য নিৰ্বাচনী দায়িত্বপ্ৰাপ্ত বিষয়াৰ লগত ব্যয় নিৰীক্ষণ সম্পৰ্কত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সভাত মিলিত হৈছিল।