Share and Enjoy !

Shares

ব’হাগৰ দ্বিতীয় দিনাই উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দীর্ঘেশ্বৰী দেৱালত শোকৰ ছাঁ।

আজিৰ পৰা অনাগত তিনি দিনলৈ বন্ধ থাকিব উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী দীর্ঘেশ্বৰী দেৱালয় মূল মন্দিৰৰ দ্বাৰ।

নিশা শুই থকা অৱস্থাত আকস্মিক মৃত্যুক সাৱটি লয় মন্দিৰৰ মূল পুৰোহিত যোগেশ্বৰ শৰ্মা।

এই আকস্মিক মৃত্যুৰ বাবে বিধি মতে তিনিদিনৰ অন্তত মন্দিৰ শুদ্ধিকৰণৰ পিছত মন্দিৰ দ্বাৰ মুকলি কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৫৫ বছৰ।

মূল পুৰোহিত গৰাকীৰ মৃত্যু সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

ৰাইজে অশ্ৰুসিক্ত নয়নেৰে পুষ্প শ্ৰদ্ধা জনায় অন্তিম বিদায় জনাই পুৰোহিত গৰাকীক।

Leave a Reply

Your email address will not be published. Required fields are marked *