পৰ্যটকৰ বাবে সুখবৰ!
২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ।
নতুন পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ।
মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, সেউজীয়া পৰিৱেশ আৰু বিভিন্ন বন্যপ্ৰাণীৰে সমৃদ্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ এইবাৰো পৰ্যটকক আদৰিবলৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষ।
দেওবাৰে পুৱা প্ৰায় ১০ বজাত এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ পুৰণি বনকৰ্মী ভবেন বড়োৱে ফিটা কাটি প্ৰৱেশদ্বাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই অনুষ্ঠানত তেওঁৰ সৈতে উপস্থিত থাকে মঙলদৈ বন সংমণ্ডলৰ দায়িত্বত থকা অভিজিৎ দোৱৰা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া অংকুৰ প্ৰসাদ হাজৰিকা।
প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠানত উদ্যানখনৰ পৰ্যটন ব্যৱস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ জীপচালকসকলক ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
ইফালে, ২০২৬–২৭ পৰ্যটন বৰ্ষত পৰ্যটকৰ বাবে কিছুমান নতুন নিয়ম-নীতি তথা SOP কাৰ্যকৰী কৰা হৈছে। নতুন নিয়ম অনুসৰি প্ৰতি সপ্তাহৰ মঙলবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ থাকিব।