Share and Enjoy !

Shares

চিলাপথাৰত শোকাৱহ ঘটনাই । বুধবাৰে মাছ ধৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ মৃত্যুৰ দুগৰাকী মহিলাৰ। গুৰুতৰভাৱে আহত এগৰাকী মহিলা।।

জানিব পৰা মতে, চিলাপথাৰ ২ নং মাজৰবাৰী সোণাপুৰ গাঁৱৰ একেলি বসুমতাৰী (৫২), পূৰ্ণিমা বসুমতাৰী (৫০) আৰু গাজেৱ বসুমতাৰী (২৫) নামৰ তিনিগৰাকী মহিলা দুপৰীয়া আহাৰৰ বাবে মাছ ধৰিবলৈ পথাৰলৈ গৈছিল। সেই সময়তে পথাৰত কোনো অজ্ঞাত ব্যক্তিয়ে অবৈধভাৱে সংযোগ কৰা উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ তাঁৰত স্পৰ্শ হোৱাৰ ফলত ঘটনাস্থলীতে একেলি বসুমতাৰী আৰু পূৰ্ণিমা বসুমতাৰীৰ মৃত্যু ঘটে। আনহাতে, গাজেৱ বসুমতাৰীৰ প্ৰাণ দৈৱক্ৰমে ৰক্ষা পৰিলেও তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেখেতক তৎকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, পথাৰত স্থাপন কৰা বিদ্যুৎ তাঁৰ কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনে অবৈধভাৱে সংযোগ কৰা হৈছিল। ব্যক্তিগত স্বাৰ্থত বিদ্যুৎ চুৰি কৰাৰ ফলতেই এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি তেওঁলোকে দাবী কৰে।
ঘটনাটোৰ পাছত অঞ্চলটোত শোকৰ পৰিৱেশে বিৰাজ কৰিছে আৰু নিহতসকলৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *