Share and Enjoy !

Shares

ছমাহ পাৰ হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱা। আজি জুবিনৰ ছমহীয়া তিথি।কাহিলীপাৰাৰ বাসগৃহত পুৱাৰ পৰা আয়োজন কৰা হৈছে মাংগলিক অনুষ্ঠান।প্ৰিয় গল্ডীলৈ পত্নী গৰিমা গাৰ্গে ৰান্ধি দিছে প্ৰিয় খাদ্য।

দেওবাৰে নিশা সামাজিত মাধ্যমত ভগ্নী পামী বৰঠাকুৰে আবেগিক প’ষ্ট কৰে। জুবিনক্ষেত্ৰত এইদৰে ত্ৰিপাল আঁৰিবলগীয়া হোৱাক লৈ দুখ প্ৰকাশ কৰে জুবিনৰ ভগ্নীয়ে।

পামী বৰঠাকুৰে সামাজিক মাধ্যমত জুবিনক্ষেত্ৰৰ ফটোৰ সৈতে লিখিছে, ‘‘জুবিন গাৰ্গে কেতিয়াও কোনো চৰকাৰী সন্মানৰ (পদ্মশ্ৰী, ভাৰত ৰত্ন ইত্যাদি) বাবে হেঁপাহ নকৰিলে (চৰকাৰেও উপযুক্ত বুলি নাভাবিলে, কিয় নেজানো), তেওঁ বিচাৰিছিল অকল মানুহৰ মৰম আৰু সন্মান। তেওঁৰ সকলো মানুহক বিলাই গ’ল, জনগণৰ বিপদত জনতাৰ নিৰ্ভীক কণ্ঠ হৈ অপ্ৰতিৰোধ্য ভাৱে থিয় হ’ল সদায়। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমীয়াক এটা সাংস্কৃতিক ডোলেৰে বান্ধি থৈ গ’ল। অসমীয়াক সাহসী আৰু স্বাবলম্বী হ’বলৈ কৈ থৈ গ’ল। সেইজন জুবিন গাৰ্গক আমি কি দিলো? আমি অকল দিব পাৰিলোঁ এখণ নীলা-হালধীয়া তিৰপাল… আমাৰ সাধ্য অনুসাৰে! যি প্ৰতিফলিত কৰিছে আমাৰ systemটোৰ ব্যৰ্থতা, অনাদৰ আৰু অৱহেলা! কাইলৈ ছমাহ হ’ব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা, এতিয়াও আমি সত্যৰ পৰা বহু কিন্তু দূৰত! (ল’ৰা- ছোৱালী খিনিয়ে বহুত কষ্ট কৰি তিৰপাল কেইখন দিছে তাহাঁতৰ মৰমৰ জুবিন দাক ভালকে থাকিবলৈ, তাহঁতলৈ বহুত মৰম)।’’

Leave a Reply

Your email address will not be published. Required fields are marked *